ডিজিটেল ডেস্ক : আহোম ৰাজত্বৰ স্থাপত্য শৈলীৰ অপূৰ্ব নিদর্শন ঐতিহাসিক ৰংঘৰ একাঁঠু পানীৰ তলত। বিগত তিনিটা দিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰংঘৰ পৰিণত হৈছে জলাশয়ত। ৰংঘৰৰ বাকৰিত জমা হোৱা পানীৰ মাজত ৰংঘৰে যেন হেৰুৱাই পেলাইছে আহোম ৰাজত্বৰ শৌর্য।
অৱশ্যে বিষয় সন্দর্ভত কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ নাই কোনো প্রতিক্রিয়া অথবা কৰণীয় বুলি অভিযোগ উত্থাপন কৰিছে জাতীয় দল-সংগঠনৰ নেতৃত্বই। টাই আহোম যুৱ পৰিষদৰ কেন্দ্রীয় সভাপতি দিগন্ত তামুলীয়ে সোমবাৰে ৰংঘৰৰ এই অৱস্থাক লৈ তীব্র ক্ষোভ প্রকাশ কৰে।
তেওঁ ইয়াৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ লগতে শিৱসাগৰ জিল প্ৰশাসনক ধিক্কাৰ দি কয় যে অসমীয়াৰ আৱেগ ৰংঘৰৰ এই অৱস্থাৰ বাবে দায়ী অপৰিকল্পিত নির্মাণ আৰু অবৈধ দখল। বহু কোটি টকীয়া ৰংঘৰ প্ৰকল্পৰ বাবে ৰূপহী পথাৰত হোৱা অপৰিকল্পিত নিৰ্মাণৰ বাবে এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি তেওঁ অভিযোগ আনে। লগতে ৰংঘৰৰ পানী নিষ্কাশনৰ বাবে থকা মেচিজানত হোৱা অবৈধ দখলৰ ফলত মেচিজানৰ অস্তিত্ব শেষ হৈ যোৱাৰ বাবেও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি তেওঁ অভিযোগ আনে। ৰংঘৰৰ এনে অৱস্থাৰ অনতিপলমে অৱসান ঘটাবলৈ তামুলীয়ে দাবী উত্থাপন কৰে। সেইদৰে ৰংঘৰৰ এনে দুৰ্গতিক লৈ খেদ প্রকাশ কৰে পৰ্যটকে। অসমৰ পৰিচয় ৰংঘৰৰ দৰে এক প্রাচীন কীৰ্তিচিহ্নৰ এনে অৱস্থা অসমৰ বাবে লজ্জাজনক বুলিও মন্তব্য কৰে একাংশ পর্যটকে। আনহাতে, বিষয় সন্দর্ভত পুৰাতত্ত্ব বিভাগৰ এক সূত্ৰই এই সমস্যা এই বছৰেই প্ৰথম নহয় বুলি উল্লেখ কৰে।
কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ সূত্ৰই কয় যে বিগত বছৰতে এই বিষয়ত শিৱসাগৰ জিলা আয়ুক্তক অৱগত কৰি এক পৰিকল্পিত নলাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। বিগত বছৰত অনুৰূপ সমস্যাৰ সৃষ্টি হৈছিল যদিও এইবাৰ ৰংঘৰ প্ৰকল্পৰ বাবে ৰূপহী পথাৰত আবণ্টন পোৱা ভূমিত ব্যাপক হাৰত মাটি ভৰোৱাৰ বাবে ৰংঘৰৰ বাকৰিৰ উচ্চতা হ্রাস পাইছে। ফলত ৰংঘৰৰ বাকৰিত জমা হোৱা পানী কোনো ফালৰ পৰা ওলাই যোৱাৰ সুবিধা নোহোৱাত এনে কৃত্রিম বানৰ সৃষ্টি হৈছে বুলি পুৰাতত্ত্ব বিভাগৰ সূত্রই জানিবলৈ দিয়ে। ৰংঘৰৰ বাকৰিত এইদৰে জমা হোৱা পানীয়ে ৰংঘৰৰ ক্ষতিসাধন কৰাৰো সম্ভাৱনা প্রকট কৰিছে। বছৰৰ আগতীয়া বৰষুণৰ ফলত এই অৱস্থাৰ সৃষ্টি হ'লে ভৰ বাৰিষাত ৰংঘৰৰ তলৰ মহলাত পানী উঠা নিশ্চিত। ফলত ৰংঘৰৰ ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা প্রকট কৰিছে বিজ্ঞ মহলে। এতিয়া প্রশ্ন হয় ৰংঘৰৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, শিৱসাগৰ জিলা প্ৰশাসন আৰু ৰংঘৰ প্ৰকল্পৰ ঠিকা লাভ কৰা ঔম কনষ্টাকশানে কি ব্যৱস্থা হাতত ল'ব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment